ঐতিহাসিক জয়েৰে WTCৰ শীৰ্ষস্থানত টীম ইণ্ডিয়া।

DY365
DY365
Published: October 1,2024 06:11 PM
DY365

Story highlights

ঐতিহাসিক জয়েৰে WTCৰ শীৰ্ষস্থানত টীম ইণ্ডিয়া।

 ঐতিহাসিক জয়েৰে WTCৰ শীৰ্ষস্থানত টীম ইণ্ডিয়া। 
বাংলাদেশৰ বিৰুদ্ধে কানপুৰ টেষ্টত বৃহত বিজয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই। ৯৪ ৰাণৰ বিজয়লক্ষ্যৰে চতুৰ্থ ইনিংছত বেটিং কৰিবলৈ অহা টীম ইণ্ডিয়াই ৩ টা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ যশস্বী জয়ছোৱালে ৫১ ৰাণৰ অৰ্ধশতকীয় ইনিংছ খেলাৰ বিপৰীতে বিৰাট কোহলীয়ে ২৯ ৰাণত অপৰাজিত হৈ থাকে। বাংলাদেশৰ হৈ মেহেদী হাছানে দুটা আৰু তাইজুল ইছলামে এটা উইকেট দখল কৰে। আনহাতে কালিৰ ২ উইকেটত ২৬ ৰাণৰ পৰা ইনিংছ আৰম্ভ কৰি  বাংলাদেশে আজি ১৪৬ ৰাণত দ্বিতীয় ইনিংছ সামৰে। বাংলাদেশৰ হৈ অপেনাৰ ছাদমান ইছলামে সৰ্বাধিক ৫০ আৰু মুছফিকৰ ৰহিমে ৩৭ ৰাণৰ অৰিহণা দললৈ আগবঢ়ায়। টীম ইণ্ডিয়াৰ হৈ জছপ্ৰীত বুমৰাহ, ৰবিচন্দ্ৰণ অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই তিনিটা আৰু আকাশ দ্বীপে এটা উইকেট দখল কৰে। খেলখনৰ দুয়োটা ইনিংছতে অৰ্ধশতকীয় ইনিংছ খেলা যশস্বী জয়ছোৱালে মেন অৱ দ্যা মেছৰ সন্মান লাভ কৰাৰ বিপৰীতে ৰবিচন্দ্ৰণ অশ্বিনে প্লেয়াৰ অৱ দ্যা ছিৰিজৰ খিতাপ লাভ কৰে। এই জয়েৰে টীম ইণ্ডিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হয়।


Related

TWITTER

FACEBOOK